Zubeen Garg – Aanimika Lyrics

Folk

হাঁহিলে তুমি মুকুতা মণি হৰে
দুচকু ভৰিলেও মন নভৰে
হাঁহিলে তুমি মুকুতা মণি হৰে
দুচকু ভৰিলেও মন নভৰে
বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা
মৰমৰ বৰসাৰে অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা
বহু দিনৰে পৰা নিশা জাগি
সাচিছো যে তোমালে মন মাধুৰী
বহু দিনৰে পৰা নিশা জাগি
সাচিছো যে তোমালে মন মাধুৰী
উথলি উঠা মৰমে
গোপনে হিয়া আবৰে
বেদনাৰ আকাশ ভাগি
মন কিয় যে নভৰে
কোৱানা অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা
সোণ হৰা সপোনৰ পাৰ ভাঙি
অসীমলে আনিলা তুমি আজি
সোণ হৰা সপোনৰ পাৰ ভাঙি
অসীমলে আনিলা তুমি আজি
কত যে দুখৰ ধুমুহা
পাৰ হৈ আহি আহি
সেউজীয়া এতি ছবি
মনৰে কাষতে আহি
ৰৈ আছো অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা
হাঁহিলে তুমি মুকুতা মণি হৰে
দুচকু ভৰিলেও মন নভৰে
হাঁহিলে তুমি মুকুতা মণি হৰে
দুচকু ভৰিলেও মন নভৰে
বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা
মৰমৰ বৰসাৰে অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা

Comments (0)