Papon – Nanda Geet Lyrics

Jazz

নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;

হ'ল পাগলী ব্ৰজাবালা আকূল ব্যাকূল,
লহৰী লহৰী যায় যমুনাৰ কূল;

নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;

উন্মনা ৰাধিকা এবেলিৰ বেলা,
অ' বিৰহে নধৰেহি যি অসহনো জ্বালা;
কেনে ত্যাগী গ'লা কিয় এই বৃন্দাবন,
কেনে অবুজন প্ৰেম কিজানি কৰুণ,
সবাৰে কাৰণে তেওঁ হেনো ভগৱান;

নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;

অ' ৰাধাই জানে ৰাধাই জানে প্ৰেম মানে কি,
বুকুৰে মাজেৰে বয় যমুনা নদী,
ৰাধাৰ প্ৰেম বিৰহৰ মাথোঁ বিৰহৰে উন্মাদ,
হৃদয়হীন কৃষ্ণই কি কৰিব অনুমান,
অনুভৱৰ সিপাৰত সেই প্ৰেম জোতিষ্মান;

নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;

হ'ল পাগলী ব্ৰজাবালা আকূল ব্যাকূল,
লহৰী লহৰী যায় যমুনাৰ কূল;

নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন ৷

Comments (0)