Kool-D – Xoru Manuh Lyrics

আমিটো সৰু মানুহ সৰু হৈয়ে থাকিম!
ফটা কাগজতে সপোনবিলাক আঁকিম!
মিছা চ্ছাল মাৰি নিদিওঁ নিজক ফাঁকি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী
আমিটো সৰু মানুহ সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোনবিলাক আঁকিম
আন্ধাৰ ৰাতি পোহৰ বিলাওঁ জ্বলাই এটা চাকি
হেঁপাহতে উৰি ফুৰোঁ কলমটো মোৰ পাখি
পলম হ'ৱ বাটত আৰু হ'ৱ চাগে ৰাতি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী
আমিটো সৰু মানুহ সৰু হৈয়ে থাকিম!
ফটা কাগজতে সপোনবিলাক আঁকিম!
সি হাঁহিছে দুখতে হৈছেগে পগলা জাগিছে ভোকতে
সি মাগিছে শান্তি, পাহৰি কষ্ট হাঁহি তাৰ মুখতে
সি ভাগিছে বিষাদত, নীৰৱে অকলে বহিছে চুকতে
সি ভাবিছে কথাবোৰ, নিৰুপাই পৰিছে নিজৰে ৰোষতে
তোৰটো টকা নাই, তোক লৈ মৰমৰ ছবিখন কোনেওঁ অঁকা নাই
তোৰটো টকা নাই হ'ৱদে তাতেনো কিটো হ'ল একোটো কথা নাই
তোৰটো টকা নাই, তোৰ পথাৰৰ ফচলো সময়ত পকা নাই
তোৰটো টকা নাই, যুঁজিছ ভিতৰত কিয় মন খুলি তই বকা নাই
ফটা গেঞ্জী, তলফালে হাফপেন্ট
ফটা ভাগ্য লৈ বেলেগলে হাত মেল
সৰু মানুহ তই সৰু হৈ থাক
বৰ সপোন ৰচিবলৈ কিহৰ এই বাঘ তেল?
তই মনতে ধনী নে ধনতে, টকা পাই আৱেগো বেচিলি কমতে
তোৰ দূৰৰ পৰা ঘৰটো চমকে
ভিতৰত অশান্তি দুখবোৰ থমকে
ভালকে ভাবিবি কথাবোৰ নাইবা তই একোকে নাপাবি গমকে
সময় তোৰ লাগিব বুজিবলৈ কথা ভুকুতে কলটো নপকে
কিবাটো থাকিব অৰ্থ নাইবাটো এনেই সি beat টে নবকে
সুখৰে সন্ধানত বিলাওঁতে দক্ষিণা, চাবী দেই ঠগিব গণকে
আমিটো সৰু মানুহ সৰু হৈয়ে থাকিম!
ফটা কাগজতে সপোনবিলাক আঁকিম!
মিছা চ্ছাল মাৰি নিদিওঁ নিজক ফাঁকি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী

Comments (0)